সমললৈ যাওক

এণ্ড্ৰিউ গাৰফিল্ড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এণ্ড্ৰিউ গাৰফিল্ড
জন্ম এণ্ড্ৰিউ ৰাছেল গাৰফিল্ড[1]
২০ আগষ্ট, ১৯৮৩ (৪১ বছৰ)
লছ এঞ্জেলছ,কেলিফোৰ্ণিয়া
নাগৰিকত্ব আমেৰিকান আৰু ব্ৰিটিছ
পেচা অভিনেতা
সক্ৰিয় হৈ থকা সময় ২০০৪–বৰ্তমানলৈ

এণ্ড্ৰিউ ৰাছেল গাৰফিল্ড[2] ১৯৮৩ চনৰ ২০ আগষ্টত জন্ম লাভ কৰা আমেৰিকা আৰু য়ুনাইটেড কিংদমৰ দ্বিনাগৰিকত্ব সম্পন্ন এক অভিনেতা। । লছ এঞ্জেলছত জন্ম লাভ কৰা আৰু ছাৰেত ডাঙৰ দীঘল হোৱা গাৰফিল্ডে ২০০৫ চনত ব্ৰিটিছ টেলিভিছনযোগে অভিনয় জীৱনৰ অভিষেক ঘটাই আৰু ২০০৭ চনত বিবিছিৰ ডক্টৰ হুত অভিনয় কৰি খ্যাতি লাভ কৰে। প্ৰথমাৱস্থাত তেওঁ লায়ন্স ফৰ লেম্বছ (২০০৭), বয় এ (২০০৭)(যাৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ বাফটা বঁটা লাভ কৰে), কল্পনাধৰ্মী ছবি দ্য ইমাজিনেৰিয়াম অফ ডক্টৰ পাৰ্ণাছাছ (২০০৯) আদিত সহঃ ভূমিকাত অভিনয় কৰে।

২০১০ চনত কল্পবিজ্ঞান ভিত্তিক ছবি নেভাৰ লেট মী গ’ আৰু দ্য ছ’ছিয়েল নেটৱৰ্কত অভিনয় কৰি তেওঁ সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰে আৰু পিছৰখনৰ বাবে গোল্ডেন গ্লোব আৰু বাফটা বঁটাৰ মনোনয়ন লাভ কৰে। পূৰ্বৰ স্পাইডাৰমেন শৃংখলাৰ নৱনিৰ্মাণ দ্য অমেইজিং স্পাইডাৰমেন (২০১২)ত পিটাৰ পাৰ্কাৰ/স্পাইডাৰমেনৰ চৰিত্ৰত অভিনয় কৰি তেওঁ জনপ্ৰিয়তা লাভ কৰে। ২০১৪ চনত মুক্তি পাবলগীয়া দ্য অমেইজিং স্পাইডাৰমেন ২তো তেওঁ এই ভূমিকাত অভিনয় কৰিব।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

লছ এঞ্জেলছত জন্ম গ্ৰহণ কৰা গাৰফিল্ডৰ মাক আছিল এছেক্সৰ এক ব্ৰিটিছ আৰু দেউতাক আছিল কেলিফ’ৰ্ণিয়াৰ এক আমেৰিকান।[3][4] তেওঁৰ তিনি বছৰ বয়সতে তেওঁলোকৰ পৰিয়াল ব্ৰিটেইনত থাকিবলৈ লয়[3] আৰু এক "মধ্যবিত্ত ঘৰ"ত তেওঁৰ লালন পালন হয়।[5] তেওঁৰ মাক-দেউতাকে অন্তৰ্মহল সাজ-সজ্জাৰ এক সৰু ব্যৱসায় চলাইছিল; তেওঁৰ মাক লীনে[1][6] এখন সৰু ল’ৰা ছোৱালীৰ বিদ্যালয়ত শিক্ষয়িত্ৰীৰ কাম কৰিছিল আৰু দেউতাক ৰিচাৰ্ড গাৰফিল্ড গীল্ডফ’ৰ্ড সাঁতোৰ সন্থাৰ প্ৰধান প্ৰশিক্ষক আছিল।[7][8] তেওঁৰ এজন ককায়েক আছে যি এজন ডাক্তৰ।[9] ইংলেণ্ডৰ ছাৰেত ডাঙৰ হোৱা গাৰফিল্ড আগবয়সত এক ব্যায়ামবিদ আৰু সাঁতোৰবিদ আছিল।[4][7] প্ৰথমাৱস্থাত বাণিজ্য পঢ়াৰ মন থাকিলেও ষোল্ল বছৰ বয়সত তেওঁৰ মন অভিনয়ৰ প্ৰতি ঢাল খায়।[10]

গাৰফিল্ডে প্ৰথমতে প্ৰায়’ৰী প্ৰিপেৰটৰী স্কুল আৰু পিছলৈ ছিটি অৱ লণ্ডন ফ্ৰীমেন্স স্কুলত শিক্ষাগ্ৰহণ কৰে আৰু শেষত ২০০৪ চনত চেণ্ট্ৰেল স্কুল অৱ স্পীচ্চ অৱ ড্ৰামা,য়ুনিভাৰ্ছিটি অৱ লণ্ডনৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।[7][11]

কৰ্মজীৱন

[সম্পাদনা কৰক]

আৰম্ভণি (২০০৪–২০০৯)

[সম্পাদনা কৰক]

বাৰ বছৰ বয়সত গাৰফিল্ডে গীল্ডফ’ৰ্ডত অভিনয়ৰ প্ৰশিক্ষণ লয় আৰু ২০০৪ চনত এক মঞ্চ অভিনেতা হিচাপে অভিনয় জীৱনৰ আৰম্ভণি কৰে।[9][12] ২০০৫চনত গাৰফিল্ডে ব্ৰিটিছ টেলিভিছনৰ চেনেল ফ’ৰত প্ৰচাৰিত হোৱা ছুগাৰ ৰাশ্ব অনুষ্ঠানৰ জৰিয়তে টেলিভিছন জগতত প্ৰৱেশ কৰে।[12] ২০০৭ চনত বিবিছিৰ ডক্টৰ হু শৃংখলাত অভিনয় কৰি তেওঁ সকলোৰে দৃষ্টি আকৰ্ষণ কৰে[13] আৰু সেই বছৰৰে নৱেম্বৰ লায়্ন্স ফ’ৰ লেম্বছত টম ক্ৰুজ,মেৰীল ষ্ট্ৰীপ আদিৰ লগত অভিনয় কৰি আমেৰিকাত অভিনয় জীৱনৰ পাতনি মেলে।[14][15]

নৱেম্বৰ,২০০৭ত গাৰফিল্ডে চেনেল ফ’ৰৰ ধাৰাবাহিক বয় এত অভিনয় কৰে[16] আৰু ২০০৮ বৰ্ষৰ ব্ৰিটিছ একাডেমী টেলিভিছন এৱাৰ্ডৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে।[16][17] ২০০৮ চনত তেওঁ দ্য আডাৰ ব’লীন গাৰ্ল নামৰ ছবিখনত এটি সৰু চৰিত্ৰত অভিনয় কৰে।[14] ২০০৯ চনত গাৰফিল্ডে দ্য ইমেজিনেৰিয়াম অৱ ডক্টৰ পাৰ্ণাছাছ নামৰ চলচ্চিত্ৰত আৰু ৰেড ৰাইডিং টেলিভিছন ত্ৰিল’জীত অভিনয় কৰে।[5][18] লছ এঞ্জেলছ টাইমছৰ সমালোচক কেনেথ টুৰাণে শেষৰ খনত তেওঁৰ অভিনয়ক প্ৰশংসা কৰে।[18]

নেভাৰ লেট মী গ’ আৰু দ্য ছ’ছিয়েল নেটৱৰ্ক (২০০৯–২০১০)

[সম্পাদনা কৰক]

"তেওঁ বৰ অনুভূতিশীল যুৱক যিয়ে সেই অনুভূতিপ্ৰৱণতাক কৌশল আৰু ব্যৱসায়িকতালৈ ৰূপান্তৰ কৰিব পাৰিছে,আৰু তেওঁৰ সুন্দৰ অভিনয় তাৰেই ফলাফল।[19]

—মাৰ্ক ৰ’মানেক,যিয়ে গাৰফিল্ডক নেভাৰ লেট মী গ’ত নিৰ্দেশ কৰিছিল।[19]

২০১০ চনত তেওঁ কল্পবিজ্ঞানভিত্তিক চলচ্চিত্ৰ নেভাৰ লেট মী গ’ত অভিনয় কৰে।[20][21][22] ইয়াৰ বাবে তেওঁ ২০১০ চনত সহঃ-অভিনেতাৰ ছেটাৰ্ণ বঁটা লাভ কৰে।[23] দ্য গাৰ্ডিয়ানৰ টম প্ৰেষ্টনে গাৰফিল্ডৰ অভিনয়ক "সমযে সময়ে মনোমুগ্ধকৰ" বুলি কয়।[24]

ছান ডিয়েগ’ কমিক-কন ইণ্টাৰনেশ্যনেলত গাৰফিল্ড,২০১১

২০১০ চনত গাৰফিল্ডে দ্য ছ’ছিয়েল নেটৱৰ্ক ছবিত এডুৱাৰ্ডো ছেভেৰিণৰ চৰিত্ৰত অভিনয় কৰে যিয়ে হাৰ্ভাৰ্ডত পঢ়ি থাকোঁতে সহপাঠী মাৰ্ক জাকাৰবাৰ্গৰ লগত লগ হৈ ফেচবুকৰ জন্ম দিছিল।[19] গাৰফিল্ডে কয় যে এক বাস্তৱ ব্যক্তিৰ চৰিত্ৰত অভিনয় কৰিবলৈ পায় তেওঁ "এক গধূৰ দায়িত্ব বহন কৰা" যেন লাগিছিল।[19] ইয়াত কৰা অভিনয়ৰ জৰিয়তে গাৰফিল্ডে বিশ্বজোৰা খ্যাতি আৰু জনপ্ৰিয়তা লাভ কৰে আৰু শ্ৰেষ্ঠ সহঃ-অভিনেতা আৰু শ্ৰেষ্ঠ ঊৰ্ধগামী তাৰকাৰ বাফটা বঁটা তথা শ্ৰেষ্ঠ সহঃ-অভিনেতাৰ গোল্ডেন গ্লোব বঁটাৰ মনোনয়ন লাভ কৰে।[25][26] বিবিচিৰ মাৰ্ক কাৰ্মোডে গাৰফিল্ডে অস্কাৰ বঁটাৰ মনোনয়ন নোপোৱাত অসন্তুষ্টি প্ৰকাশ কৰে।[27] লছ এঞ্জেলছ টাইমছ, এণ্টাৰটেইনমেণ্ট ৱিকলী, দ্য নিউ য়ৰ্কাৰ আদি আলোচনীয়েও গাৰফিল্ডৰ অভিনয়ৰ প্ৰশংসা কৰে।[28][29][30]

দ্য অমেইজিং স্পাইডাৰমেন (২০১০–বৰ্তমানলৈ)

[সম্পাদনা কৰক]

"I see it as a massive challenge in many ways... To make it authentic. To make the character live and breathe in a new way. The audience already has a relationship with many different incarnations of the character. I do, as well. I'm probably going to be the guy in the movie theater shouting abuse at myself. But I have to let that go. No turning back. And I wouldn't want to."

—Garfield on accepting the role of Peter Parker / Spider-Man.[31]

মাৰ্চ, ২০১২ত গাৰফিল্ডে ডেথ অৱ এ ছেলছ্মেন নাটৰ জৰিয়তে ব্ৰডৱে থিয়েটাৰত অভিনয়ৰ পাতনি মেলে আৰু শ্ৰেষ্ঠ অভিনেতাৰ টনী এৱাৰ্ড লাভ কৰে।[32][33] ইয়াৰ পিছত গাৰফিল্ডে মাৰ্ক ৱেবৰ দ্য অমেইজিং স্পাইডাৰমেনত এম্মা ষ্ট’নৰ বিপৰীতে পিটাৰ পাৰ্কাৰ/স্পাইডাৰমেনৰ চৰিত্ৰত অভিনয় কৰে।[34][35][36] গাৰফিল্ডে কয় যে প্ৰথমবাৰ স্পাইডাৰমেনৰ সাজযোৰ পিন্ধোতে তেওঁৰ চকুপানী ওলাইছিল আৰু সেই সাজযোৰত তেওঁ কোনো "যোগ্য মানুহা"ক কল্পনা কৰিছিল।[37] অৱশ্যে গাৰফিল্ডৰ অভিনয়ে উচ্চ প্ৰসংসা লাভ কৰে।[38] স্লেট মেগাজিন ৰ ডেনা ষ্টিভান্সৰ মতে গাৰফিল্ডে চৰিত্ৰটিক আগতকৈ অধিক আৱেদনময়ী আৰু অধিক ৰহস্যময় কৰি তোলে।[39] ২০১২ চনৰ ছেপ্টেম্বৰ মাহত ঘোষণা কৰা হয় যে পৰৱৰ্তী স্পাইডাৰমেন চলচ্চিত্ৰটো গাৰফিল্ডে অভিনয় কৰিব।[40][41] ইয়াৰ উপৰিও গাৰফিল্ডে একে নামৰ উপন্যাসৰ পৰা নিৰ্মাণ হ’বলগীয়া ছাইলেন্স নামৰ ছবি খনত ফাডাৰ ৰড্ৰিগজৰ চৰিত্ৰত অভিনয় কৰিব।[42]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

এণ্ড্ৰিউ গাৰফিল্ড আমেৰিকা আৰু য়ুনাইটেড কিংদম উভয় দেশৰে নাগৰিক। [43][44] ২০০৯ চনত ছানডে’ হেৰাল্ডক দিয়া এক সাক্ষাত্কাৰত তেওঁ কয় "দুয়োখন দেশকেই মই ঘৰ বুলি ভাবো। কোনোবা এঠাইত থাকি কম ভাল লাগে বা বেছি ভাল লাগে বুলি ভবাৰ পৰিৱৰ্তে সংস্কৃতিৰ এই বিভিন্নতা মই উপভোগ হে কৰোঁ"।[43] তেওঁ নিজৰ ব্যক্তিগত জীৱনৰ কথাবোৰ ৰাজহুৱা নকৰে আৰু সমলিংগৰ বিবাহক সমৰ্থন কৰে।[45][46][47] দ্য অমেইজিং স্পাইডাৰমেনত গাৰফিল্ডে এম্মা ষ্ট’নৰ সৈতে অভিনয় কৰাৰ পিছত দুয়োৰে মাজত এক মধূৰ সম্পৰ্ক গঢ় লৈ উঠে।[48] 2012 ত য়ুএছএ টুডেৰ সৈতে হোৱা এক সাক্ষাত্কাৰত গাৰফিল্ডে কয়, "বৰ্তমান আমি দুয়ো কেৱল সহঃশিল্পী। শীঘ্ৰেই এম প্ৰযোজকো হ’ব। এয়া কিছু ব্যক্তিগত কথা আৰু এয়াই আমাৰ কাম"।[45] আনহাতে এই বিষয়ত ষ্ট’নে কয়: "এইটো কথা জানি এক প্ৰশান্তি পোৱা যায় যে তুমি যি কোৱা তাত কেৱল তোমাৰহে নিয়ন্ত্ৰণ আছে। মানুহেতো যি মন যায় তাকে কয়। তোমাৰ নিজৰ মুখেৰে নোলোৱালৈকে তোমাৰ মনৰ কথা কোনেও জানিব নোৱাৰে। "।[45]

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]
Garfield at the The Imaginarium of Doctor Parnassus premiere, September 2009
বৰ্ষ নাম ভূমিকা টোকা
২০০৭ লায়ন্স ফ’ৰ লেম্বছ টড হেয়্ছ
বয় এ জেক বাৰিজ /এৰিক ৱিলছন শ্ৰেষ্ঠ অভিনেতাৰ বাফটা বঁটা
২০০৮ আডাৰ ব’লীন গাৰ্ল ফ্ৰান্সিছ ৱেষ্টন
২০০৯ দ্য ইমেজিনেৰিয়াম অৱ ডক্টৰ পাৰ্ণাছাছ এণ্টন
ৰেড ৰাইডিং এড্ডি ডানফ’ৰ্ড
2010 আই এম হিয়েৰ শ্বেলডন ছুটি ছবি
নেভাৰ লেট মী গ’ টমী ডি Hollywood Award for Breakthrough Actor (shared w/ The Social Network)
BAFTA Award for Best Rising Star (shared w/ The Social Network)
Saturn Award for Best Supporting Actor
Nominated – British Independent Film Award for Best Supporting Actor
দ্য ছ’ছিয়েল নেটৱৰ্ক এডুৱাৰ্ডো ছেভেৰিন Hollywood Award for Breakthrough Actor (shared w/ Never Let Me Go)
BAFTA Award for Best Rising Star (shared w/ Never Let Me Go)
Hollywood Film Award for Best Ensemble of the Year
London Film Critics' Circle Award for Best British Supporting Actor
Nominated – BAFTA Award for Best Actor in a Supporting Role
Nominated – Boston Society of Film Critics' Award for Best Supporting Actor
Nominated – Broadcast Film Critics Association Award for Best Cast
Nominated – Broadcast Film Critics Association Award for Best Supporting Actor
Nominated – Chicago Film Critics Association Award for Best Supporting Actor
Nominated – Golden Globe Award for Best Supporting Actor – Motion Picture
Nominated – Online Film Critics Society Award for Best Supporting Actor
Nominated – Satellite Award for Best Supporting Actor – Motion Picture
Nominated – Screen Actors Guild Award for Outstanding Performance by a Cast in a Motion Picture
Nominated – Teen Choice Awards for Choice Movie Scene Stealer Male
২০১২ দ্য অমেইজিং স্পাইডাৰমেন পিটাৰ পাৰ্কাৰ/স্পাইডাৰমেন Nominated – Teen Choice Awards for Choice Summer Movie Star Male
Nominated – People's Choice Award for Favorite Movie Superhero
Nominated – People's Choice Award for Choice Chemistry (shared w/ Emma Stone)
Nominated – Kids' Choice Award for Favorite Movie Actor
Nominated – Kids' Choice Award for Favorite Male Buttkicker
২০১৪ দ্য অমেইজিং স্পাইডাৰমেন2 পিটাৰ পাৰ্কাৰ/স্পাইডাৰমেন

টেলিভিছন

[সম্পাদনা কৰক]
বৰ্ষ অনুষ্ঠান ভূমিকা টোকা
২০০৫ ছুইঙিং বিভিন্ন চৰিত্ৰ
ছুগাৰ ৰাশ্ব টম
২০০৬ ছাইমন স্কামাজ পাৱাৰ অৱ আৰ্ট: কাৰাভাগিও বয়
2007 ডক্টৰ হু ফ্ৰেংক তৃতীয় শৃংখলা,চতুৰ্থ আৰু পঞ্চম খণ্ড
ফ্ৰীজিং কিট
বেশ্ব
ত্ৰায়েল এণ্ড ৰিট্ৰিবিউশ্যন XI: ক্ল’জাৰ মাৰ্টিন ডগলাছ
২০০৯ ৰেড ৰাইডিং এড্ডী ডানফ’ৰ্ড
২০১১ ছেটাৰডে নাইট লাইভ

থিয়েটাৰ

[সম্পাদনা কৰক]
বৰ্ষ নাট চৰিত্ৰ টোকা
২০০৪ মাৰ্ছী ডিচি ছ’হ’ থিয়েটাৰ
কেছ বিলী মানচেষ্টাৰ ৰয়েল এক্সচেঞ্জ
২০০৫ লাৰামি প্ৰজেক্ট বিভিন্ন চৰিত্ৰ ছাউণ্ড থিয়েটাৰ
ৰোমিও এণ্ড জুলিয়েট ৰোমিও মানচেষ্টাৰ ৰয়েল এক্সচেঞ্জ
২০০৬ বিউটিফুল থিং জেমি ছাউণ্ড থিয়েটাৰ
বাৰ্ণ / চাটৰুম / ছিটিজেনশ্বিপ বাৰ্ডমেন/ জিম/ ষ্টিফেন ৰয়েল নেশ্যনেল থিয়েটাৰ
অভাৰহোৱেল্মিং জেফ্ৰী য়ুকে টুঅ’ৰ
২০১২ ডেথ অৱ এ ছেলছ্মেন বিফ লোমেন ব্ৰডৱে ৰিভাইভেল;
মনোনীত – উত্‍কৃষ্ট অভিনয়ৰ ড্ৰামা লীগ এৱাৰ্ড[49]
মনোনীত – নাটকত কৰা শ্ৰেষ্ঠ অভিনয়ৰ আউটাৰ ক্ৰিটিকছ চাৰ্কল এৱাৰ্ড[50]
মনোনীত – নাটকত কৰা শ্ৰেষ্ঠ অভিনয়ৰ টনী এৱাৰ্ড[51]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 [1]
  2. "Baftas: The Actors". Metro. Associated Newspapers Ltd. 15 April 2008. Archived from the original on 13 April 2010. https://web.archive.org/web/20100413123039/http://www.metro.co.uk/showbiz/143050-baftas-the-actors। আহৰণ কৰা হৈছে: 28 December 2009. 
  3. 3.0 3.1 Mark Shenton (15 May 2006). "Andrew Garfield". Broadway.com. Archived from the original on 7 February 2008. http://london.broadway.com/story/id/3002258। আহৰণ কৰা হৈছে: 8 November 2007. 
  4. 4.0 4.1 Miles Fielder (1 November 2007). "Andrew Garfield". The List. Archived from the original on 19 November 2007. http://www.list.co.uk/article/5447-andrew-garfield/। আহৰণ কৰা হৈছে: 8 November 2007. 
  5. 5.0 5.1 Rob Carnevale. "Lions For Lambs – Andrew Garfield interview". IndieLondon (IndieLondon Limited). http://www.indielondon.co.uk/Film-Review/lions-for-lambs-andrew-garfield-interview। আহৰণ কৰা হৈছে: 12 November 2007. 
  6. http://business.avn.com/articles/video/Andrew-Spider-Man-Garfield-Watched-Vivid-Parody-for-Inspiration-479466.html
  7. 7.0 7.1 7.2 Anita Singh (2 July 2010). "Andrew Garfield as Spider-Man: who is he?". প্ৰকাশক London: The Daily Telegraph (Telegraph Media Group). Archived from the original on 5 July 2010. http://www.telegraph.co.uk/culture/film/film-news/7868531/Andrew-Garfield-as-Spider-Man-who-is-he.html। আহৰণ কৰা হৈছে: 2 July 2010. 
  8. "Andrew Garfield’s Parents On How Their Son Is Handling Spider-Man Fame". Access Hollywood (NBC Universal). 29 June 2012. http://www.accesshollywood.com/andrew-garfields-parents-on-how-their-son-is-handling-spider-man-fame_article_66682. 
  9. 9.0 9.1 Isabel Albiston (27 October 2007). "Andrew Garfield: ready for take-off". প্ৰকাশক London: The Daily Telegraph (Telegraph Media Group). http://www.telegraph.co.uk/culture/3668860/Andrew-Garfield-ready-for-take-off.html। আহৰণ কৰা হৈছে: 8 November 2007. 
  10. "Emma & Andrew's Amazing Adventure". USA Weekend (Gannett Company. 21 June 2012. http://www.usaweekend.com/article/20120622/ENTERTAINMENT01/306220010/-Spider-Man-Stars?odyssey=tab%7Ctopnews%7Ctext%7CFrontpage। আহৰণ কৰা হৈছে: 21 June 2012. 
  11. "Priory Preparatory school in Banstead celebrates 90 years". yourlocalguardian.co.uk (Newsquest). 21 June 2012. Archived from the original on 25 December 2013. https://web.archive.org/web/20131225043642/http://www.yourlocalguardian.co.uk/news/local/epsomnews/9069069.Priory_Preparatory_celebrates_90_year_anniversary/. 
  12. 12.0 12.1 Jane Graham (7 October 2010). "Andrew Garfield: our No 1 hottest young British movie talent". প্ৰকাশক London: The Guardian (Guardian Media Group). Archived from the original on 29 October 2010. http://www.guardian.co.uk/film/2010/oct/07/andrew-garfield-british-film-talent। আহৰণ কৰা হৈছে: 25 October 2010. 
  13. Morgan Jeffery (26 June 2012) 'Spider-Man' star Andrew Garfield 'honoured to be part of Doctor Who'. Digital Spy. Hearst Magazines UK. Retrieved 6 August 2012
  14. 14.0 14.1 Karen Idelson (12 November 2007). "Andrew Garfield: 'Lions' actor certainly not a lamb anymore". Variety. 
  15. Morris, Wesley (9 November 2007). "Lions for Lambs Movie Review: Political drama feels more like a lecture". The Boston Globe. http://www.boston.com/movies/display?display=movie&id=10207। আহৰণ কৰা হৈছে: 8 February 2012. 
  16. 16.0 16.1 Amy Biancolli (12 September 2008). "Boy A". Houston Chronicle (Hearst Communications Inc.). http://www.chron.com/entertainment/movies/article/Boy-A-1548204.php। আহৰণ কৰা হৈছে: 4 August 2012. 
  17. "Spider-Man comes to London".The Daily Telegraph. (Telegraph Media Group). Retrieved 19 June 2012
  18. 18.0 18.1 "Movie review: 'Never Let Me Go'". Los Angeles Times (Tribune Company). 15 September 2010. http://www.latimes.com/entertainment/news/la-et-never-let-me-go-20100915,0,1111846.story। আহৰণ কৰা হৈছে: 2 February 2013. 
  19. 19.0 19.1 19.2 19.3 Mark Salisbury (26 September 2010). "'The Social Network's' Andrew Garfield has a way with emotion". Los Angeles Times (Tribune Company). http://articles.latimes.com/2010/sep/26/entertainment/la-ca-garfield-20100926। আহৰণ কৰা হৈছে: 31 March 2013. 
  20. Cassandra Szklarski (11 September 2010). "Carey Mulligan couldn't bear anyone else starring in 'Never Let Me Go'". Winnipeg Free Press. The Canadian Press. 
  21. Charlie McCollum (29 September 2010). "Andrew Garfield: Actor on the verge of stardom". San Jose Mercury News. MediaNews Group. http://www.mercurynews.com/movies-dvd/ci_16196946?nclick_check=1। আহৰণ কৰা হৈছে: 28 January 2013. 
  22. Marshall, Rick (15 September 2010). "Andrew Garfield Calls 'Never Let Me Go' Adaptation A 'Call To Arms'". MTV. Viacom. Archived from the original on 29 September 2012. https://web.archive.org/web/20120929003012/http://moviesblog.mtv.com/2010/09/15/andrew-garfield-never-let-me-go-interview/। আহৰণ কৰা হৈছে: 28 January 2013. 
  23. "'Inception' tops Saturn Awards noms". Variety. Reed Elsevier Inc. 23 February 2011. http://www.variety.com/article/VR1118032761?categoryid=4076&cs=1&cmpid=RSS%7CNews%7CFilmNews। আহৰণ কৰা হৈছে: 23 February 2011. 
  24. Preston, Tom (10 September 2010). "Never Let Me Go: subtle and subversive". The Guardian (London: Guardian News and Media Limited). http://www.guardian.co.uk/film/filmblog/2010/sep/10/never-let-me-go-first-look। আহৰণ কৰা হৈছে: 2 February 2013. 
  25. "Firth film leads Golden Globe nods". The Press Association. 14 December 2010. http://www.google.com/hostednews/ukpress/article/ALeqM5gXYh_8Mg4ND0gzS_Ae0dr-GbJ2Sg?docId=N0143301292334850022A। আহৰণ কৰা হৈছে: 25 December 2010. [সংযোগবিহীন উৎস]
  26. Associated Press (1 August 2008). "Andrew Garfield: From unknown to ‘Boy A’". MSNBC (NBC Universal). http://www.msnbc.msn.com/id/25970886/wid/606263। আহৰণ কৰা হৈছে: 27 May 2010. 
  27. Mark Kermode (4 February 2011) "What Oscar Got Wrong Again". BBC News. BBC. Retrieved 8 August 2012
  28. Kenneth Turan (1 October 2010). "Movie review: 'The Social Network'". Los Angeles Times (Tribune Company). http://articles.latimes.com/2010/oct/01/entertainment/la-et-social-network-20101001। আহৰণ কৰা হৈছে: 4 August 2012. 
  29. Owen Gleiberman (29 October 2010). "The Social Network (2010)". Entertainment Weekly (Time Inc.). Archived from the original on 28 May 2012. https://web.archive.org/web/20120528235627/http://www.ew.com/ew/article/0%2C%2C20430360%2C00.html। আহৰণ কৰা হৈছে: 4 August 2012. 
  30. Anthony Lane (9 July 2012). "TANGLED WEBS". The New Yorker (Condé Nast Publications). http://www.newyorker.com/arts/critics/cinema/2012/07/09/120709crci_cinema_lane?currentPage=1। আহৰণ কৰা হৈছে: 4 August 2012. 
  31. Cina, Mark (1 March 2011). "BAFTA Rising Star Andrew Garfield: 'I Hope I Never Blow Up'". The Hollywood Reporter (Prometheus Global Media). Archived from the original on 13 January 2011. https://web.archive.org/web/20110113002915/http://www.hollywoodreporter.com/news/bafta-rising-star-andrew-garfield-70393। আহৰণ কৰা হৈছে: 11 January 2011. 
  32. "Death of a Salesman, Starring Philip Seymour Hoffman and Andrew Garfield, Opens on Broadway". Broadway.com (Broadway.com, Inc.). 15 March 2012. http://www.broadway.com/shows/death-salesman/buzz/160442/death-of-a-salesman-starring-philip-seymour-hoffman-and-andrew-garfield-opens-on-broadway/. 
  33. David Rooney (10 May 2012). "His Own Network of Tortured Souls". The New York Times (The New York Times Company). http://www.nytimes.com/2012/05/13/theater/theaterspecial/andrew-garfield-on-playing-biff-loman-and-spider-man.html?WT.mc_id=NYT-E-I-NYT-E-AT-0523-L7&nl=el. 
  34. "It's Official! Andrew Garfield to Play Spider-Man!". ComingSoon.net. CraveOnline. 1 July 2010. Archived from the original on 3 July 2010. https://web.archive.org/web/20100703053240/http://www.comingsoon.net/news/movienews.php?id=67468। আহৰণ কৰা হৈছে: 1 July 2010. 
  35. "British actor Andrew Garfield cast as new Spider-Man". BBC News (BBC). 2 July 2010. Archived from the original on 5 July 2010. http://news.bbc.co.uk/1/hi/entertainment_and_arts/10485418.stm। আহৰণ কৰা হৈছে: 5 July 2010. 
  36. Dave Itzoff (2 July 2010). "New ‘Spider-Man’ Finds Its New Spider-Man". The New York Times (The New York Times Company). Archived from the original on 6 July 2010. http://www.nytimes.com/2010/07/03/movies/03arts-NEWSPIDERMAN_BRF.html। আহৰণ কৰা হৈছে: 5 July 2010. 
  37. "Andrew Garfield expounds on Spider-Man production". Crave Online. 29 December 2010. Archived from the original on 3 April 2013. https://web.archive.org/web/20130403202917/http://www.superherohype.com/news/articles/112975-andrew-garfield-expounds-on-spider-man-production। আহৰণ কৰা হৈছে: 7 February 2013. 
  38. "Amazing Spider-Man' Reviews: Critics Weigh In On Andrew Garfield's New Film". The Huffington Post (The Huffington Post Inc.). 7 March 2012. http://www.huffingtonpost.com/2012/07/03/amazing-spider-man-review_n_1645675.html%7Ctopnews%7Ctext%7CFrontpage. 
  39. Dana Stevens (3 July 2012). "The Amazing Spider-Man". Slate (The Washington Post Company). http://www.slate.com/articles/arts/movies/2012/07/the_amazing_spider_man_reviewed.html। আহৰণ কৰা হৈছে: 4 August 2012. 
  40. "Andrew Garfield & Marc Webb Return For 'Amazing Spider-Man 2'". The Huffington Post. The Huffington Post Inc.. 28 September 2012. http://www.huffingtonpost.com/2012/09/28/andrew-garfield-marc-webb-amazing-spider-man-2_n_1924327.html?utm_hp_ref=entertainment। আহৰণ কৰা হৈছে: 7 February 2013. 
  41. "Andrew Garfield and Director Marc Webb to Return for 'Amazing Spider-Man' Sequel". 28 September 2012. http://www.hollywoodreporter.com/news/amazing-spider-man-sequel-returns-375025। আহৰণ কৰা হৈছে: 7 February 2013. 
  42. Scott Fundas (7 May 2013). "Andrew Garfield to Star in Martin Scorsese’s ‘Silence’ (EXCLUSIVE)". Variety. http://variety.com/2013/film/news/andrew-garfield-to-star-in-martin-scorseses-silence-exclusive-1200470625/। আহৰণ কৰা হৈছে: 14 May 2013. 
  43. 43.0 43.1 Brian Donaldson (15 February 2009). "Rising Star". Sunday Herald (Newsquest). http://andrew-garfield.com/gallery/thumbnails.php?album=55। আহৰণ কৰা হৈছে: 15 July 2010. 
  44. "'Spider-Man’ star Andrew Garfield: ‘Who cast this English fool? ... Tobey Maguire is genius’". Los Angeles Times (Tribune Company). http://herocomplex.latimes.com/2010/11/16/spider-man-star-andrew-garfield-who-cast-this-english-fool-tobey-maguire-is-genius/। আহৰণ কৰা হৈছে: 19 June 2012. 
  45. 45.0 45.1 45.2 Donna Freydkin (2 July 2012). "Andrew Garfield, Emma Stone 'Amazing' together". USA Today (Gannett Company). http://www.usatoday.com/life/people/story/2012-07-01/andrew-garfield-emma-stone/55967186/1। আহৰণ কৰা হৈছে: 7 August 2012. 
  46. Justin Harp (17 April 2013). "Andrew Garfield backs gay marriage: 'Of course I support it'". Digital Spy (Hearst Corporation). http://www.digitalspy.co.uk/showbiz/news/a474074/andrew-garfield-backs-gay-marriage-of-course-i-support-it.html। আহৰণ কৰা হৈছে: 17 April 2013. 
  47. "Confirmed! Emma Stone to Play Gwen Stacy in Spider-Man!". SuperheroHype.com (CraveOnline). 5 October 2010. Archived from the original on 7 October 2010. https://web.archive.org/web/20101007065321/http://www.superherohype.com/news/articles/108309-confirmed-emma-stone-to-play-gwen-stacy-in-spider-man। আহৰণ কৰা হৈছে: 5 October 2010. 
  48. "This Week's Cover: 'The Amazing Spider-Man' heads up your Summer Must List". Entertainment Weekly Time Inc.. 23 May 2012. Archived from the original on 25 May 2012. https://web.archive.org/web/20120525041759/http://popwatch.ew.com/2012/05/23/this-weeks-cover-amazing-spider-man-summer-must-list/। আহৰণ কৰা হৈছে: 24 May 2012. 
  49. Ricky Martin, Carey Mulligan, Andrew Garfield and 52 Others Earn 2012 Drama League Nominations. Broadway.com. (Broadway.com, Inc.).
  50. Nice Work If You Can Get It, Newsies & Once Lead 2012 Outer Critics Circle Nominations. Broadway.com. (Broadway.com, Inc.).
  51. Once, Porgy and Bess, Nice Work & Peter and the Starcatcher Top List of 2012 Tony Award Nominations. Broadway.com. (Broadway.com, Inc.).

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]