সমললৈ যাওক

মহাবলীপুৰম স্মাৰকসমূহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইউনেস্ক' বিশ্ব ঐতিহ্য ক্ষেত্ৰ
মহাবলীপুৰম স্মাৰকসমূহ
বিশ্ব ঐতিহ্য ক্ষেত্ৰত তালিকাভুক্ত হিচাপে নাম

মহাবলীপুৰম স্মাৰকসমূহৰ ভিতৰৰ দুটা মন্দিৰ ক্ৰমে "ভীমা" আৰু "ধৰ্মৰজা" মন্দিৰ

দেশ ভাৰত
ধৰণ সাংস্কৃতিক
মাপকাঠি i, ii, iii, iv
উদ্ধৃতি ২৪৯
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল এছিয়া-পেছিফিক
অভিলিখনৰ ইতিহাস
অভিলিখন ১৯৮৪ (৮ তম অধিবেশন)
Lua error in Module:Location_map at line 526: Unable to find the specified location map definition: "Module:Location map/data/India Tamil Nadu" does not exist.

মহাবলীপুৰম স্মাৰকসমূহ তামিলনাডু ৰাজ্যৰ চেন্নাই পৰা ৫৮ কিলোমিটাৰ দূৰৈত অৱস্থিত। এইসমূহ সপ্তম আৰু অষ্টম শতাব্দীত পল্লৱ ৰজাসকলে নিৰ্মাণ কৰিছিল। কথিত আছে, প্ৰথম নৰসিংহবৰ্মণ মামল্লেৰ ৰাজত্বকালত এই চহৰখনে বিশেষ গুৰুত্ব অৰ্জন কৰিছিল। কৰমণ্ডল উপকূলত পাথৰ কুণ্ডত এই স্মাৰকসমূহ নিৰ্মিত হয়। সমগ্ৰ মন্দিৰ নগৰীত প্ৰায় ৪০টা স্মাৰক আছে। ই হ'ল বিশ্বৰ বৃহত্তম মুক্তাঙ্গনস্থ খোদিত ভাস্কৰ্য। ১৯৮৪ চনত (i), (ii), (iii) আৰু (iv) বিভাগত সাংস্কৃতিক ঐতিহ্যবাহী স্থান হিচাবে ই ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অন্তৰ্ভুক্ত হয়। অভিলিখিত স্মাৰকসমূহ হ'ল পঞ্চৰথ মন্দিৰসমূহ: ৰথৰ আকৃতিবিশিষ্ট মন্দিৰ, মণ্ডপ আৰু ১১টি সংৰক্ষিত গুহা। এই গুহাসমূহত প্ৰচুৰ খোদিত ভাস্কৰ্য আছে। তদুপৰি আছে শিলা খোদিত গঙ্গাবতৰণ (মহাবলীপুৰম), যিটো বৃহত্তম মুক্তাঙ্গনস্থ শৈল ভাস্কৰ্য। এইটো "অৰ্জুনৰ তপস্যা" বা "ভগীৰথৰ তপস্যা" নামেও পৰিচিত[1][2]



তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Group of Monuments at Mahabalipuram". World Heritage: Unesco.org. http://whc.unesco.org/en/list/249। আহৰণ কৰা হৈছে: 2010-11-06. 
  2. "Group of Monuments at Mahabalipuram" (pdf). Unesco. http://whc.unesco.org/archive/advisory_body_evaluation/249.pdf। আহৰণ কৰা হৈছে: 2010-11-06. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

স্থানাংক: 12°37′00″N 80°11′30″E / 12.6167°N 80.1917°E / 12.6167; 80.1917