লালমোহন
ওপৰত ৰূপালী আলমণ্ড দিয়া লালমোহন | |
প্ৰকাৰ | মিঠাই |
---|---|
অঞ্চল | ভাৰতীয় উপমহাদেশ, মৰিচাছ, ফিজি, দক্ষিণ আৰু পূব আফ্ৰিকা, the কেৰিবিয়ান, আৰু মালয় উপদ্বীপ |
মুখ্য উপাদান | খোয়া, কেশৰ |
ভিন্ন প্ৰকাৰ | পান্ন্তুৱা, কালো জাম |
লালমোহন হৈছে ভাৰতীয় উপমহাদেশৰ এক গাখীৰৰ পৰা তৈয়াৰী মিঠাই। ইয়াক গুলাব জামুন নামৰেও জনা যায়। ভাৰত, নেপাল, পাকিস্তানত এই মিঠাই জনপ্ৰিয়, লগতে মালদ্বীপ, বাংলাদেশ আৰু ম্যানমাৰতো ইয়াৰ প্ৰচলন আছে। দক্ষিণ এছিয়া মূলৰ যথেষ্ট জনসংখ্যা লোক থকা দেশ বা অঞ্চলসমূহতো, যেনে মৰিছাছ, ফিজি, মালয় উপদ্বীপ, গ্ৰেট ব্ৰিটেইন, দক্ষিণ আফ্ৰিকা আদিতো ইয়াৰ প্ৰচলন আছে। ইয়াক মুখ্যতঃ গাখীৰৰ পৰা, পাৰম্পৰিকভাৱে খোৱা (Khoa)-ৰ পৰা তৈয়াৰ কৰা হয়। সমসাময়িক কালত খোৱাৰ সলনি শুকান বা পাউডাৰ কৰা গাখীৰো ব্যৱহাৰ কৰা হয়। সোৱাদ বৃদ্ধি কৰিবলৈ ইয়াক প্ৰায়ে শুকান বাদাম বা কাজুৰে সজোৱা হয়।
প্ৰস্তুতি
[সম্পাদনা কৰক]ভাৰত উপমহাদেশত গাখীৰ আৰু পনিৰৰ কঠিন পদাৰ্থ কম জুইত গাখীৰ গৰম কৰি প্ৰস্তুত কৰা হয় যেতিয়ালৈকে উতলোৱা হয় যেতিয়ালৈকে পানীৰ বাষ্পীভৱন নহয় আৰু কেৱল গাখীৰৰ খোয়া অংশ বাকী থাকে। এই খোয়াখিনি পিছত গুড়ি কৰা হয় আৰু এই গুড়িৰ সৰু সৰু লাড়ু সাজি কম উষ্ণতাত তেল বা ঘিউত ডুবাই ভাজি লোৱা হয়,[1] তাৰ পিছত সেউজীয়া ইলাচি আৰু গোলাপ জলেৰে সোৱাদযুক্ত পাতল চেনিৰ ৰসত তিয়াই লোৱা হয়। ইয়াত কেৱৰা বা কেশৰো দিয়া হ'ব পাৰে ৷[2] গৰম গুলাব জামুন প্ৰায়ে ভেনিলা আইচক্ৰীম, বা কুলফিৰ সৈতে পৰিবেশন কৰা হয়।
উৎপত্তি
[সম্পাদনা কৰক]ৰন্ধন ইতিহাসবিদ মাইকেল ক্ৰণ্ডলৰ মতে দ্বাদশ শতিকাৰ মানাছ’লাছাই চানা পনিৰ আৰু চাউলৰ গুড়িৰে তৈয়াৰী লাড়ুৰ ভাজিৰ এটা ৰেচিপি উল্লেখ কৰিছে আৰু ইয়াক ইলাচিৰ সুগন্ধিযুক্ত ৰসত তিয়াই থোৱা হৈছিল যদিও এই ৰেচিপিত গোলাপ জল ব্যৱহাৰ কৰা হোৱা নাছিল।com/books?id=rAeAAwAAQBAJ&pg=PA7 |title=The Donut: History, Recipes, and Lore from Boston to Berlin |date=1 June 2014 |publisher=Chicago Review Press |isbn=978-1-61374-673-8 |pages=7-8|quote=To make it, you form balls out of a dough of fresh cheese curds mixed with rice flour, fry these in ghee, and then soak them in cardamom-scented syrup. I imagine the king feeding the morsels—tender, buttery, and dripping with the perfumed syrup—to his favorite as she lies resplendent on a silk-lined bed. Most of these fritters still exist and in more than one variation.}}</ref> ত্ৰয়োদশ শতিকাৰ আৰব মিঠাই লুকমত আল-কাদি দেখাত গুলাব জামুনৰ সৈতে একে যদিও ইয়াক গুলাব জামুনৰ তুলনাত সম্পূৰ্ণ বেলেগ মিশ্ৰণেৰে তৈয়াৰ কৰা হৈছিল কিন্তু গোলাপ জলৰ সুগন্ধিযুক্ত ৰসত তিয়াই থোৱা হৈছিল।.[3] ইছলামিক যুগত মধ্যযুগীয় ভাৰতত গুলাব জামুনৰ উত্থান ঘটিছিল, পাৰ্চী প্ৰভাৱক স্থানীয় প্ৰভাৱৰ সৈতে মিহলি কৰি শেষত গুলাব জামুনলৈ পৰিণত হৈছিল। "গুলাব" শব্দটো পাৰ্চী শব্দ গল (ফুল) আৰু আবৰ (পানী) পৰা উদ্ভৱ হৈছে, ইয়াৰ অৰ্থ হৈছে গোলাপৰ জলৰ -গন্ধিযুক্ত ৰস, আৰু "জামুন" বা "জামান" হৈছে হিন্দী শব্দ Syzygium jambolanum, এটা ভাৰতীয় ফল যাৰ সৈতে ই একে আকাৰ আৰু আকৃতিৰ।[4] গোলাপ জামুনক চেনিৰ ৰসত ভজা সুস্বাদু খাদ্য বুলিও সংজ্ঞায়িত কৰা হৈছে।[5]
বিশেষ অনুষ্ঠান
[সম্পাদনা কৰক]গুলাব জামুন প্ৰায়ে উৎসৱ, জন্মদিন বা ডাঙৰ উদযাপন যেনে বিবাহ, মুছলমান উদযাপন ঈদ উল-ফিতৰ আৰু ঈদ আল-আধা, আৰু হিন্দু উৎসৱ দীপাৱলী আৰু গণেশ চতুৰ্থীত খোৱা হয়।
ভিন্নতা
[সম্পাদনা কৰক]ভাৰত
[সম্পাদনা কৰক]খোয়াত চেনিৰ পৰিমাণৰ বাবে গুলাব জামুনে ইয়াৰ বাদামী ৰঙা ৰং পায়। গুলাব জামুনত চেনি দিয়া হয় আৰু ভজাৰ পিছত চেনিৰ কেৰামেলাইজেচনে ইয়াৰ গাঢ়, প্ৰায় ক'লা ৰং দিয়ে, যাক তাৰ পিছত কালা জামুন বা "ক'লা জামুন" বুলি কোৱা হয়। চেনিৰ ৰসৰ ঠাইত সামান্য পাতল কৰা মেপেল ৰস গুলাব জামুনৰ বাবে ব্যৱহাৰ কৰিব পাৰি।
বাংলা ভাষাত গুলাব জামুনক কালো জাম বা পন্তুৱা বুলি জনা যায়।[6] লেডিকেনিক পন্তুৱাৰ আন এটা ভিন্নতা।[7] কোৱা হয় ইয়াক ১৮৫৬–৬২ চনৰ ভিতৰত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল চাৰ্লছ কেনিঙৰ পত্নী লেডী কেনিঙৰ ভ্ৰমণ উপলক্ষে ভীম চন্দ্ৰ নাগে উদ্ভাৱন কৰিছিল।
কাটাংগী, জবলপুৰৰ সমীপৱৰ্তী এখন চহৰৰ "ঝুৰে কা ৰসগুল্লা"ৰ বাবে বিখ্যাত, যিটো বিগত ১০০ বছৰ ধৰি তাত প্ৰস্তুত কৰা হৈছে।[8][9] ই সাধাৰণ গুলাব জামুনৰ আকাৰৰ কেইবাগুণ আৰু স্থানীয় দেশী ঘিউত প্ৰস্তুত কৰা হয়।[10]
ৰাজস্থানত, গুলাব জামুন চেনিৰ ৰসত তিয়াই থোৱাৰ পৰিৱৰ্তে মছলা, বাদাম আৰু বিলাহীৰ পৰা তৈয়াৰী গ্ৰেভিত ৰান্ধি জনপ্ৰিয় গুলাব জামুন কি ছাবজী তৈয়াৰ কৰা হয়।
পশ্চিম মধ্যপ্ৰদেশ আৰু মালৱাত গুলাব জামুনৰ স্থানীয় সংস্কৰণ হিচাপে মাৱা বাটি জনপ্ৰিয়।
আকাৰ, পূৰ আৰু মিঠাৰ পৰিমাণৰ ফালৰ পৰা ই গুলাব জামুনৰ পৰা পৃথক, মাৱা বাটি সাধাৰণতে চেনিৰ ৰসত ডুবাই নোলোৱা হয় আৰু ই গুলাব জামুনতকৈ অলপ ডাঙৰ হয়।.[11]
বাংলাদেশ
[সম্পাদনা কৰক]বাংলাদেশত, পন্তুৱা সমগ্ৰ দেশৰ প্ৰায় সকলো ঠাইতে উপলব্ধ, যাক গুলাব জামুনৰ বাংলা ভিন্নতা বুলি ক'ব পাৰি। লগতে দুবিধ জামুন আছে যিবোৰ বিখ্যাত। এইকেইটা হৈছে গোলাপ জাম আৰু কালো জাম।
নেপাল
[সম্পাদনা কৰক]এইবিধ মিঠাইক নেপালত লাল মোহন বুলি জনা যায়। প্ৰায় প্ৰতিখন মিঠাইৰ দোকানতে ইয়াক পোৱা যায়। সাধাৰণতে তিহাৰ, দশাইন আদি উৎসৱৰ সময়ত মিঠাইৰ বিক্ৰী যথেষ্ট বৃদ্ধি পায়।[12]
-
গিলাচত গুলাব জামুন
-
আলমণ্ডৰ টুকুৰাৰ সৈতে
-
চাছনি ৰসৰ সৈতে
-
কেশৰৰ সৈতে
-
ৰূপোৱালী আৱৰণৰ সৈতে
-
দুটুকুৰা গুলাব জামুন
-
কণমানি গুলাব জামুন
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Marty Snortum, Lachu Moorjani (2005). Ajanta: regional feasts of India. Gibbs Smith. পৃষ্ঠা. 17. ISBN 1-58685-777-0. https://books.google.com/books?id=Sj6SMyPQ7nMC&q=Gulab+jamun.
- ↑ shraddha.bht. "Gulab Jamun". Konkani Recipes. http://amchirecipes.com/content/gulab-jamoon। আহৰণ কৰা হৈছে: 25 May 2010.
- ↑ Michael Krondl (2011). Sweet Invention: A History of Dessert. Chicago Review Press. পৃষ্ঠা. 38. ISBN 978-1-55652-954-2. https://books.google.com/books?id=gN6ySQnUnfwC&pg=PA38. "A fitters of very similar appearance is made in the Middle East under the name Luqmat Al Qadi. It is conceivable that they both developed from an earlier Persian antecedent. Gulab comes from the Persian word for rosewater, while Jamun refers to a local fruit of roughly this size. The two batters are made entirely differently, though, so the only Persian connection may be the common use of rosewater syrup."
- ↑ [Banerjee, A; Dasgupta, N; De, B (2005). "In vitro study of antioxidant activity of Syzygium cumini fruit". Food Chemistry. 90 (4): 727. doi:10.1016/j.foodchem.2004.04.033]
- ↑ Achaya K. T. (1994). Indian Food Tradition A Historical Companion. ISBN 9780195628456. https://books.google.com/books?id=-cFcH2ZHWLcC। আহৰণ কৰা হৈছে: 2019-01-29.
- ↑ Charmaine O'Brien (2003). Flavours of Delhi: A Food Lover's Guide. Penguin Books Limited. পৃষ্ঠা. 145. ISBN 978-93-5118-237-5. https://books.google.com/books?id=xeSXAAAAQBAJ&pg=PT145.
- ↑ Richardson, Tim H. (2002). Sweets: A History of Candy. Bloomsbury USA. পৃষ্ঠা. 334. ISBN 1-58234-229-6. https://books.google.com/books?id=ETluYRHyjKwC&pg=PA334.
- ↑ "यहां के रसगुल्लों के लिए थम जाते हैं वाहनों के पहिए". www.patrika.com. https://www.patrika.com/jabalpur-news/testy-gulab-jamun-of-katangi-20157/। আহৰণ কৰা হৈছে: 24 September 2019.
- ↑ उसमें प्राण जगाओ साथी- 3, मायाराम सुरजन, Deshbandhu, 2009-11-12, जबलपुर-दमोह के बीच कटंगी के रसगुल्ले, 1959
- ↑ "Folk music. Katangi ke rasgulla. AKASH sahu.". https://www.youtube.com/watch?v=003EYeYAnn4। আহৰণ কৰা হৈছে: 24 September 2019.
- ↑ "Mawa Bati | District Raisen, Government of Madhya Pradesh | India" (en-US ভাষাত). https://raisen.nic.in/en/culinary-delight/mawa-bati/। আহৰণ কৰা হৈছে: 2023-11-24.
- ↑ sampurna. "सबैको प्यारो लालमोहन" (en ভাষাত). Sampurna Weekly. Archived from the original on 2022-12-05. https://web.archive.org/web/20221205060129/https://sampurnaweekly.com/news/2315। আহৰণ কৰা হৈছে: 2022-12-05.