সঞ্চয়ী সম্ভাৱনা তত্ত্ব
সঞ্চয়ী সম্ভাৱনা তত্ত্ব (ইংৰাজী: Cumulative prospect theory) ব্যৱহাৰবাদী অৰ্থনীতিৰ এটি তত্ত্ব যি মানুহে অনিশ্চয়তাৰ মাজত সিদ্ধান্ত কেনেকৈ গ্ৰহণ কৰে, সেই কথা ব্যাখ্যা কৰে। এই তত্ত্ব ডেনিয়েল কাহনেমেন আৰু এমছ ট্বাৰ্স্কিয়ে ১৯৯২ চনত আগবঢ়াইছিল।[1] এই তত্ত্ব কাহনেমেন আৰু ট্বাৰ্স্কিয়ে ১৯৭৯ত আগবঢ়োৱা সম্ভাৱনা তত্ত্বৰ নতুন ৰূপ। সঞ্চয়ী সম্ভাৱনা তত্ত্ব আৰু সম্ভাৱনা তত্ত্বৰ মাজৰ পাৰ্থক্য ইয়ে যে সঞ্চয়ী সম্ভাৱনা তত্ত্বত সঞ্চয়ী সম্ভাৱনীয়তা বণ্টন ফলনৰ ভৰ প্ৰয়োগ কৰা হয় আৰু সম্ভাৱনা তত্ত্বত প্ৰত্যেক সাম্ভাব্য ফলৰ সম্ভাৱনীয়তা ফলনত। এই ক্ষেত্ৰত, সঞ্চয়ী সম্ভাৱনা তত্ত্বৰ স্থান-নিৰ্ভৰ আকাংক্ষিত উপযোগিতা তত্ত্বৰ সৈতে কিছু মিল আছে। ২০০২ চনত কাহনেমেনক অৰ্থনীতিৰ ন'বেল বঁটাৰে সন্মানিত কৰা হৈছিল, ব্যৱহাৰবাদী অৰ্থনীতিলৈ তেওঁ আগবঢ়োৱা অৱদানৰ বাবে।[2]
আৰ্হিৰ ৰূপৰেখা
[সম্পাদনা কৰক]সঞ্চয়ী সম্ভাৱনীয়তা তত্ত্ব আৰু সম্ভাৱনীয়তা তত্ত্বৰ এটি মূল দাবী হ'ল যে মানুহে কোনো সদ্ধান্ত গ্ৰহণ কৰোঁতে, শেষৰ পৰিণামৰ ভিত্তিত নিৰ্ণয় গ্ৰহণ নকৰে। মানুহে কোনো নিৰপেক্ষ বিন্দুৰ পৰা বৃদ্ধি বা হ্ৰাসহে মন কৰে আৰু সেই আধাৰতে সিদ্ধান্ত গ্ৰহণ কৰে। এই নিৰপেক্ষ বিন্দু সাধাৰণতে ব্যক্তিজনৰ বৰ্তমানৰ অৱস্থা। তদুপৰি, মানুহে বৃদ্ধি আৰু হ্ৰাস হোৱা ধনক সমানে গুৰুত্ব নিদিয়ে। লাভতকৈ লোকচানক মানুহে অধিক গুৰুত্ব দিয়ে।[3] যেনে, ১০০ টকা লাভ কৰিলে এজন মানুহে যিমান অতিৰিক্ত সুখ পাব, ১০০ টকা হেৰুৱালে মানুহজনে তাতকৈ অধিক সুখ হেৰুৱাব। এই প্ৰবৃত্তিক লোকচান ভিতি (loss aversion) বোলা হয়। ইয়াৰ উপৰিও, সঞ্চয়ী সম্ভাৱনা তত্ত্বৰ মতে, মানুহে কোনো ঘটনাৰ সম্ভাৱনীয়তাকো ভিন ভিন দৃষ্টিৰে অনুভৱ কৰে- চৰম ঘটনাসমূহক অধিক গুৰুত্ব দিয়ে আৰু "গড়" ঘটনাসমূহক কম গুৰুত্ব দিয়ে। এই পৰ্যবেক্ষণ সম্ভাৱনীয়তা তত্ত্বতকৈ পৃথক, য'ত দাবী কৰা হৈছিল যে মানুহে কম সম্ভাৱনীয়তা থকা ঘটনাক অধিক গুৰুত্ব দিয়ে, আন ঘটনাসমূহ যিয়েই নহওক কিয়।
সঞ্চয়ী সম্ভাৱনা তত্ত্বই এই পৰ্যবেক্ষণসমূহ দাঙি ধৰে আকাংক্ষিত উপযোগিতা ফলনত সাল-সলনি কৰি। শেষৰ সম্পত্তিৰ স্থানত কোনো নিৰপেক্ষ বিন্দুৰ পৰা সম্পত্তিৰ পৰিৱৰ্তনক ব্যৱহাৰ কৰা হয়, উপযোগিতা ফলনৰ স্থানত আপেক্ষিক লাভৰ ওপৰত নিৰ্ভৰ কৰা মূল্য ফলন ব্যৱহাৰ কৰা হয় আৰু সঞ্চয়ী সম্ভাৱনীয়তা ফলনৰ ওপৰত ভিন্ন ভৰ ব্যৱহাৰ কৰা হয়। সম্ভাৱনীয়তাৰ মাপ থকা কোনো অনিশ্চিত ঘটনাৰ বৈষয়িক উপযোগিতা, সেয়ে, হ'ল-
ইয়াত হ'ল মূল্য ফলন, যাৰ প্ৰায় দেখা পোৱা ৰূপ ছবিত দেখুৱা হৈছে, ভৰ ফলন, যাক সাধাৰণতে ছবিত দেখুৱাৰ দৰে পোৱা যায় আৰু হৈছে লৈকে সম্ভাৱনীয়তা মাপৰ সমাকল। ই কাহনেমেন আৰু ট্বাৰ্স্কিয়ে প্ৰথমে আগবঢ়োৱা সসীম সংখ্যক পৰিণামৰ বাবে সংজ্ঞায়িত ফলনৰ সাধাৰণ ৰূপ।
সম্ভাৱনা তত্ত্বৰ সৈতে তুলনা
[সম্পাদনা কৰক]সঞ্চয়ী সম্ভাৱনা তত্ত্ব আৰু সম্ভাৱনা তত্ত্বৰ মূল পাৰ্থক্য হ'ল, সঞ্চয়ী সম্ভাৱনা তত্ত্বত সম্ভাৱনীয়তাৰ সলনি সঞ্চয়ী সম্ভাৱনাক সলনি কৰা হয়। এই ক্ষেত্ৰত সঞ্চয়ী সম্ভাৱনা তত্ত্বৰ মিল স্থান-নিৰ্ভৰ উপযোগিতা তত্ত্বৰ সৈতে। এনে কৰিলে কম সম্ভাৱনীয়তা থকা চৰম ঘটনাবোৰক অধিক গুৰুত্ব দিয়া হয়, সকলো কম সম্ভাৱনা থকা ঘটনাক নহয়। শেষাংশ সম্ভাৱনা তত্ত্বৰ ক্ষেত্ৰতহে প্ৰযোজ্য।
সঞ্চয়ী সম্ভাৱনা তত্ত্বত পৰিলক্ষিত এই নতুন গুণ সহায়ক হয় কিছু বিশেষ সমস্যাৰ সমাধান কৰিবলৈ। উদাহৰণস্বৰূপে, কোনো কোনো অৰ্থনীতিবিদে দেখুৱালে যে সম্ভাৱনা তত্ত্বৰ মতে মানুহে কেতিয়াবা প্ৰসম্ভাব্য প্ৰভাৱিতাক উলংঘন কৰিব পাৰে। এনে কৰা ব্যৱহাৰ তাত্ত্বিক আৰু ব্যৱহাৰিক কিছু কাৰণৰ বাবে সুলভ বুলি ভবা নহয়। সঞ্চয়ী সম্ভাৱনা তত্ত্বত এই সমস্যা সমাধান কৰা হ'ল। তদুপৰি, সম্ভাৱনা সূত্ৰক দুইতকৈ অধিক সম্ভাব্য পৰিণাম থকা পৰিস্থিতিটো ব্যৱহাৰ কৰা সহজ। সেয়েহে, সঞ্চয়ী সম্ভাৱনা তত্ত্বক তাত্ত্বিক ক্ষেত্ৰত সম্ভাৱনা তত্ত্বতকৈ শ্ৰেষ্ঠ জ্ঞান কৰা হয়।[4]
বাস্তৱত প্ৰয়োগ
[সম্পাদনা কৰক]সঞ্চয়ী সম্ভাৱনা তত্ত্বক বাস্তৱত এনে অনেক পৰিঘটনাক বুজিবলৈ ব্যৱহাৰ কৰা হৈছে যি পূৰ্বৰ আকাংক্ষিত উপযোগিতা তত্ত্বই বুজাব পৰা নাছিল। শ্বেয়াৰ বজাৰৰ ইকুইটি-বৃদ্ধি সাঁথৰ, পৰিসম্পত্তি বিতৰণ সাঁথৰ, স্থিতাৱস্থা পক্ষপাতিত্ব, জুৱা খেল আৰু বাজী মৰাৰ অনেক সাঁথৰ, অন্তঃলৌকিক উপভোগ আৰু স্থায়ীনিধি প্ৰভাৱৰ দৰে অনেক এনে ঘটনা সঞ্চয়ী সম্ভাৱনা তত্ত্ব ব্যৱহাৰ কৰি বুজাব পৰা যায় বাস্তৱ ক্ষেত্ৰত।
এই তত্ত্বৰ প্ৰাচলসমূহ অনেক ৰাষ্ট্ৰত পৰিমাপ কৰা হৈছে আৰু এনে অধ্যয়নে এই তত্ত্বক এক বহল মান্যতা প্ৰদান কৰিছে।[5]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ https://link.springer.com/article/10.1007/BF00122574
- ↑ https://www.theguardian.com/science/2014/feb/16/daniel-kahneman-thinking-fast-and-slow-tributes
- ↑ https://www.behavioraleconomics.com/resources/mini-encyclopedia-of-be/prospect-theory/
- ↑ http://www.econport.org/econport/request?page=man_ru_advanced_prospect_cumul
- ↑ Rieger, M., Wang, M. & Hens, T.(2017). Estimating Cumulative Prospect Theory Parameters from an International Survey. Theory and Decision, 82, 4, 567-596.