১৮ আগষ্ট (ইংৰাজী : 18 August ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ৰ ২৩০তম (অধিবৰ্ষ ত ২৩১তম) দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৩৫টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
১৮০০ - ভাৰতৰ প্ৰথমখন মহাবিদ্যালয় কলকাতাত ফ’ৰ্ট উইলিয়াম কলেজ প্ৰতিষ্ঠা হয়। কিন্তু অতি দুখৰ বিষয় যে ১৮৫৪ চনত এই কলেজখন বন্ধ হৈ যায়।
১৮৬৪ - সমাজসেৱাৰ বাবে আন্তৰ্জাতিক সংগঠন ৰেড ক্ৰছ প্ৰতিষ্ঠা হয়। এই মহান অনুষ্ঠানৰ প্ৰতিষ্ঠাতা আছিল হেনৰী ডুৰাণ্ট।
১৯৫১ - ইণ্ডিয়ান ইনষ্টিটিউট অব টেকন’লজী , পশ্চিমবংগৰ খড়গপুৰত মুকলি হয়।
২০০৪ - এথেন্স অলিম্পিক শ্বুটিঙত ভাৰতৰ ৰাজ্যবৰ্ধন সিং ৰাথোড়ে ৰূপক পদক লাভ কৰে।
১৭০০ - বাজি ৰাও -১ (বাজিৰাও বাল্লাল), মাৰাঠা সাম্ৰাজ্য়ৰ সপ্তম পেছোৱা।
১৮৭২ - পণ্ডিত বিষ্ণু দিগম্বৰ পুলষ্কৰ , ভাৰতীয় সঙ্গীতজ্ঞ।
১৮৮০ - স্বামী নিগমানন্দ , ভাৰতৰ এজন হিন্দু যোগী আৰু আধ্যাত্মিক নেতা।
১৯৩২ - লুক মণ্টেনিয়াৰ (Luc Montagnier), জীৱ বিজ্ঞানী, এইচ.আই.ভি. (ইংঃ HIV; পূৰ্ণৰূপঃ Human Immunodeficiency Virus; হিউমেন ইমিউন'ডেফিছিয়েঞ্চি ভাইৰাছ) বা মানৱ প্ৰতিৰক্ষা অভাৱ সৃষ্টিকাৰী ভাইৰাছৰ আৱিষ্কাৰক।
১৯৩৬ - গুলজাৰ ভাৰতৰ প্ৰসিদ্ধ গীতিকাৰ, কবি আৰু চিনেমা পৰিচালক।
১৯৪৬ - অৰুণা ইৰাণী , ভাৰতীয় অভিনেত্ৰী।
১৯৫৬ - সন্দীপ পাটিল , প্ৰাক্তন ক্ৰিকেট খেলুৱৈ, ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী দলৰ সদস্য়।
১৯৬৭ - দলেৰ মেহেন্দী (দলেৰ সিং), ভাঙ্গৰা-পপ গায়ক।
১৯৮০ - জেৰিফা ৱাহিদ , অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী।
১৯০০ - বিজয়লক্ষ্মী পণ্ডিত , এগৰাকী ভাৰতীয় কূটনীতিবিদ আৰু ৰাজনৈতিক নেত্ৰী। তাই ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ভগ্নী আছিল। (মৃত্যু: ১ ডিচেম্বৰ , ১৯৯০)
১৯৫৯ - নিৰ্মলা সীতাৰমণ , ৰাজনেত্ৰী, ভাৰতৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী।
১২২৭ - ছেঙ্গিজ খান , মংগোল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা।
১৮৫০ - বালজাক , ফৰাচী ঔপন্যাসিক।
১৯৪৫ - সুভাষ চন্দ্ৰ বসু , ভাৰতীয় স্বাধীনতা সংগ্ৰামী। ফৰমোছা দ্বীপৰ কাষত হোৱা বিমান দুৰ্ঘটনাত বসুৰ মৃত্যু হয় বুলি ধৰা হয়। অৱশ্যে ইয়াকলৈ মতানৈক্য আছে।
১৯৪৬ - অমূল্য বৰুৱা , অসমীয়া কবি।
১৯৮৮ - দীননাথ শৰ্মা , "আৱাহন" যুগৰ এগৰাকী গল্পকাৰ।
২০০০ - লক্ষ্যধৰ চৌধুৰী , অভিনেতা, গল্পকাৰ, চলচ্চিত্ৰ পৰিচালক, স্বাধীনতা সংগ্ৰামী, ৰাজনীতিবিদ, শিক্ষাবিদ, অসম নাট্য সন্মিলনৰ প্ৰাক্তন সভাপতি, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি।
২০১৮ - কফি আন্নান , ৰাষ্ট্ৰসংঘৰ ভূতপূৰ্ব সচিবপ্ৰধান।